বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ অলিম্পিক বিজয়ী নীৰজ চোপ্ৰাৰ.....

Neeraj Chopra

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ কোৱালিফাইং ৰাউণ্ডত চমক নীৰজ চোপ্ৰাৰ। শুকুৰবাৰে হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত হোৱা খেলখনত তেওঁ ৮৮.৭৭ মিটাৰ বিশাল থ্ৰো কৰে। নীৰজ বৰ্তমান চলিত এই চেম্পিয়নশ্বিপৰ Group Aত স্থান লাভ কৰি তেওঁৰ প্ৰথম বিশ্ব স্বৰ্ণ পদকৰ দিশে আগবাঢ়িছে।

neeraj

নীৰজ চোপ্ৰাৰ সৈতে মনু ডিপি আৰু কিশোৰ জেনাও এই চেম্পিয়নশ্বিপ যোগ দিছে। নীৰজৰ সৈতে মনুক Group Aত ৰখা হৈছে। ইফালে, কিশোৰ Group Bত আছে।

Group A আৰু Group Bৰ মাজত বিভক্ত ২৭ জন জেভলিন থ্ৰোয়াৰে অংশগ্ৰহণ কৰিবলগীয়া এই খেলখন দেওবাৰে অনুষ্ঠিত হ'ব। য'ত ১২ জনীয়া ফাইনেলষ্টে কোৱালিফায়াৰ খেলিব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। প্ৰণিধানযোগ্য যে, খেলখনৰ ফাইনেলৰ বাবে নিৰ্ধাৰিত যোগ্যতা হৈছে ৮৩.০০ মিটাৰ। সেই সূত্ৰে নীৰজে যোগ্যতা অৰ্জন কৰি গ্ৰুপ এৰ তালিকাৰ ১৮তম স্থানত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে।

Category
Profile picture for user UB Photos