জেবিএফে (জাষ্ট বি ফ্ৰেণ্ডলী), গুৱাহাটী পৌৰ নিগমৰ সহযোগত বিশ্ব জলাতঙ্ক দিৱস উপলক্ষে গুৱাহাটীৰ দিঘালীপুখুৰীৰ ওচৰত সজাগতা অভিযানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে জলাতঙ্ক প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু বিশ্ব জলাতঙ্ক দিৱসৰ মূলমন্ত্ৰ All for one, one health for all ধাৰণাটো প্ৰচাৰ কৰা।