Nellie POlice

জাগীৰোডৰ নেলী আৰক্ষী চকীত শোকাৱহ ঘটনা । নেলী আৰক্ষী চকীত কৰ্মৰত এজন আৰক্ষী কনিষ্ঠবলৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

নিজৰ বেৰেকৰ পিচফালে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় প্ৰায় ২৩ বছৰীয়া  চনী নাথ নামৰ কনিষ্টবলজনৰ মৃতদেহটো। কনিষ্টবল চনী নাথৰ ঘৰ হাইলাকান্দিত । মাত্ৰ তিনিমাহ পূৰ্বে চাকৰিত যোগদান কৰিছিল চনী নাথে ।

উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত নেলী আৰক্ষী চকীত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে আৰু এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চনী নাথৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে ।