Singer Accident

এক ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নৌটিয়াল। প্ৰাথমিক তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা। তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শিল্পীজনে মূৰত আঘাত পোৱাৰ লগতে কঁকাল আৰু কিছু হাড় ভাঙি গৈছে। অট্টালিকাৰ চিৰিৰ পৰা নামি অহাৰ সময়ত ঘটা দুৰ্ঘটনাত তেওঁ মূৰতো আঘাত পাইছে। উল্লেখযোগ্য যে জুবিন নৌটিয়াল শেহতীয়া সময়ত ‘তু ছামনে আয়ে’, ‘মানিকে’, আৰু ‘বনা শাৰবী’ৰ দৰে জনপ্ৰিয় গীতৰ বাবে লাইমলাইটত আছে। তথ্য অনুসৰি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে জুবিনৰ সোঁহাতত অস্ত্ৰোপচাৰ কৰা হ’ব। চিকিৎসকে তেওঁক সোঁহাত ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।