Student election

আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। মুঠ ১৬টা পদৰ ভিতৰত ১৫টাৰ বাবে আজি হ’ব ভোটগ্ৰহণ। এটা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে প্ৰাৰ্থী। ফুটবল আৰু হকী শাখাৰ সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে পোহৰ দেৱবাৰ্মা।

এইবাৰৰ নিৰ্বাচনত সভাপতি আৰু সাধাৰণ সম্পাদক পদত প্ৰাৰ্থিত্ব আগবঢ়াইছে তিনিজনকৈ প্ৰাৰ্থীয়ে। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১৫টা পদৰ বাবে মুঠ প্ৰাৰ্থী ৪৩গৰাকী। পুৱা ১০ বজাৰ পৰা ২ বজালৈ হ’ব ভোটগ্ৰহণ।