majuli tejaswita baruah

উদয়নমান কন্ঠশিল্পী তেজস্বীতা বৰুৱাৰ মৃত্যুৰ পিছৰ পৰাই সমালোচনাৰ সন্মুখীন হৈ আহিছে মাজুলীৰ স্বাস্থ্য খণ্ড ।

ইতিমধ্যে এই ক্ষেত্ৰত তদন্ত ঘোষনা কৰিছিল চৰকাৰে। ১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজহুৱা সাক্ষ্যৰ দিন ঘোষনাও কৰিছিল চৰকাৰে। কিন্তু দুৰ্ভাগ্যজনক যে, সাক্ষ্য দিবৰ বাবে ওলাই নাহিল এজনো লোক। বহু সময়ত ছচিয়েল মিডিয়াত যিয়ে তেজস্বীতাৰ ন্যায় বিচাৰিছিল সেই সকলকো দেখা নগ’ল তেজস্বতীৰ বাবে ওলাই অহা। এই খবৰ যোৱাকালি বাতৰিত সম্প্ৰচাৰ হোৱাৰ পাছতে তদন্তকাৰী বিষয়া ড০ সঞ্জীৱ ফুকনে ৰাজহুৱা সাক্ষ্যৰ দিন পুনৰ ১৯ অক্টোবৰলৈ বঢ়াই দিছিল। লগতে পৰিয়ালৰ লোকেও কাতৰভাৱে আহ্বান কৰিছিল ৰাইজক।