Wife Kill Her Husband

বাক্সাৰ চুণবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ পত্নীৰ পৰকীয়া প্ৰেমেই কাল হ’ল স্বামীৰ ৷ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত চুণবাৰী গাঁৱত সংঘটিত এই ঘটনা৷ পত্নীৰ প্ৰেমীক আৰু পত্নীয়ে মিলি হত্যা কৰি নৈত পেলাই দিয়ে স্বামীক ৷ এই অভিযোগ উত্থাপিত কৰিছে পৰিয়াল তথা আত্মীয়ই ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চুণবাৰী গাঁৱৰ শাহাদত আলী নামৰ যুৱক এজনে গাঁওখনৰ জামাল উদ্দিনক হত্যা কৰি বেঁকী নৈত পেলাই দিয়াৰ সন্দেহ কৰিছে ৷ তাৰ পিছতেই এতিয়া উদ্ধাৰ কৰিবলৈ SDRF বাহিনিয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷