Jowai Jail

দেওবাৰে নিশা মেঘালয়ৰ জোৱাইত গণ প্ৰহাৰত প্ৰাণ গ’ল চাৰি আচামীৰ।

জানিব পৰা মতে, উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ৰ কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰিজন আচামীক জনসাধাৰণে প্ৰহাৰ কৰি হত্যা কৰে। মেঘালয় আৰক্ষীৰ উচ্চপদস্থ বিষয়াই এই ঘটনা নিশ্চিত কৰি কয় যে বিষয়টোৰ ওপৰত তদন্ত অব্যাহত আছে।

তথ্য অনুসৰি, শনিবাৰে মেঘালয়ৰ জোৱাই কাৰাগাৰৰ পৰা ছয়জন আচামীয়ে পলায়ন কৰিছিল। ইয়াৰে চাৰিজনক গাওঁবাসীয়ে ঘেৰাও কৰি মাৰপিট কৰি হত্যা কৰে।