Sivasagar Civil Hospital

এক শোকাৱহ ঘটনাত মঙলবাৰে শিৱসাগৰ জিলাত এখন যাত্ৰীবাহী বাছ টাৰ্ণিং লোৱাৰ সময়তে দুৰ্ঘটনাগস্ত হয় ফলত কমেও ১০ জন লোক আহত হয়।

জিলাখনৰ দিখৌ নদীৰ ওপৰত গামন দলঙৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হয়।

আহতসকল যাত্ৰীসকল ক্ৰমে- উদেশনা ভৰালী (২১), ৰাজশ্ৰী কলিতা (২৪), ৰেশ্মা বেগম (২৩), বন্দিতা শইকীয়া(২৪), পল্লৱী খনিকৰ (২৪), নীলু ভৰালী (৫০), অন্তৰা হাজৰিকা (২৬), শ্বাহিদুৰ আলী (২৫) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বাছখন গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ গৈ আছিল।

সন্দেহ কৰা হৈছে যে চালকজন সুৰাৰ নিচাত আছিল যাৰফলত বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল।