এক শোকাৱহ ঘটনাত মঙলবাৰে শিৱসাগৰ জিলাত এখন যাত্ৰীবাহী বাছ টাৰ্ণিং লোৱাৰ সময়তে দুৰ্ঘটনাগস্ত হয় ফলত কমেও ১০ জন লোক আহত হয়।
জিলাখনৰ দিখৌ নদীৰ ওপৰত গামন দলঙৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হয়।
আহতসকল যাত্ৰীসকল ক্ৰমে- উদেশনা ভৰালী (২১), ৰাজশ্ৰী কলিতা (২৪), ৰেশ্মা বেগম (২৩), বন্দিতা শইকীয়া(২৪), পল্লৱী খনিকৰ (২৪), নীলু ভৰালী (৫০), অন্তৰা হাজৰিকা (২৬), শ্বাহিদুৰ আলী (২৫) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, বাছখন গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ গৈ আছিল।
সন্দেহ কৰা হৈছে যে চালকজন সুৰাৰ নিচাত আছিল যাৰফলত বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল।
অৱশ্যে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহত লোকসকলক তৎক্ষণাৎ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় আৰু বৰ্তমান যাত্ৰীসমূহ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
- Log in to post comments