GYMKhana

গোলাঘাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চহৰখনত থকা GYMKHANA (জীমখানা) নামৰ এখন আভিজাত্য হোটেলৰ Gym Instructor গৰাকীক পিষ্টল দেখুৱাই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে মৌচিন হুছেইন নামৰ এজন উদণ্ড যুৱকে।

সুমিত চন্দ্ৰ নামৰ Gym Instructor জনক কৌশলৰে লগত নি বন্ধ কোঠাত আৱদ্ধ কৰি পিষ্টল দেখুৱাই প্ৰথমে ঘোচা তাৰ পিছত লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। যাৰ ফলত সুমিতৰ শৰীৰৰ বিভিন্ন অংশত ক’লা চামনি বান্ধি যায়।