Moral Police

সাৱধান! ভালকৈ ৰাখক আপোনাৰ সন্তানক ৷ ৰাজ্যত আকৌ সোপাধৰাৰ আতংক, সোপাধৰাৰ সন্দেহত দলবদ্ধ প্ৰহাৰ এজনক ৷ দলবদ্ধ প্ৰহাৰত মৃত্যু এজন লোকৰ, জোনাইৰ বৈকুণ্ঠপুৰত সংঘটিত হৈছে এই ঘটনা ৷

মাতৃৰ কোলাৰ পৰা সন্তান কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছিল ব্যক্তিজনৰ বিৰুদ্ধে৷ মাতৃৰ চিঞৰ বাখৰত সেই ঠাইত গোট খাইছিল স্থানীয়লোক ৷ তাৰপিছতেই সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ, ৰাইজে সোপাধৰাৰ সন্দেহত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে লোকজনক৷ ঘটনাস্থলীৰ পৰা লোকজনক হাস্পতাললৈ লৈ যোৱা হয় যদিও মৃত্যু হয়।

আচলতে সেই লোকজন সোপা ধৰা আছিল নে নাই সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষীয়ে ঘটনাসন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷