Gas Cylinder

মে’ৰ প্ৰথমটো দিনতে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। অইল মাৰ্কেটিং কোম্পানীসমূহে হ্ৰাস কৰিলে চিলিণ্ডাৰৰ দৰ। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে। প্ৰতিটো কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ১৯ৰ পৰা ২০ টকালৈ হ্ৰাস কৰা হৈছে। আজিৰে পৰা কাৰ্যকৰী হ’ব এই নতুন দাম। প্ৰকাশ কৰিলে OCLৰ ৱেবছইটত।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কত কিমান দাম হ্ৰাস -


দিল্লীত চিলিণ্ডাৰৰ দাম ১৯ টকা হ্ৰাস কৰা হৈছে আৰু ইয়াৰ দাম ১৭৬৪.৫০ টকাৰ পৰা হ্ৰাস পাই এতিয়া ১৭৪৫.৫০ টকা।