
বৰ্তমান সময়ত ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক। তেনেসময়তে যদি কম পৰিমাণে গেছ ব্যৱহাৰ কৰি ৰাহি কৰিব পাৰি, তেন্তে ইয়াতকৈ আৰু কি লাভজনক হ'ব পাৰে।
গতিকে, আজি জানো আহক ৰন্ধন গেছ ৰাহি কৰাৰ কেইটামান নিয়ম -
১. খাদ্য প্ৰস্তুত কৰাৰ পূৰ্বেই প্ৰয়োজনীয় সকলো সামগ্ৰী গোটাই লোৱাৰ লগতে গেছ সদায় কমকৈ জ্বলাব লাগে। কিয়নো বেছিকৈ গেছ জ্বলালে পাত্ৰৰ বাহিৰলৈও জুই বিয়পি পৰে আৰু যাৰ ফলত প্ৰয়োজনতকৈ বেছি গেছ খৰচ হয়।
২. গেছৰ বাৰ্ণাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। নীলা জুইৰ সলনি ৰঙা বা হালধীয়া জুই ওলালে সতৰ্ক হোৱাৰ লগতে বাৰ্ণাৰ অপৰিষ্কাৰ হৈ আছে বুলি গম পোৱা যায়।
৩. যিকোনো খাদ্য প্ৰস্তুত কৰোঁতে সদায় ঢাকনি ব্যৱহাৰ কৰিব লাগে। তেতিয়া সোনকালে খাদ্য সিদ্ধ হয়।
৪. খাদ্য প্ৰস্তুত কৰোঁতে, যদিহে পানী ব্যৱহাৰ কৰিব লগা হয়, তেতিয়া পানীৰ পৰিমাণ সঠিক হ'ব লাগে, যাতে খাদ্য সোনকালে প্ৰস্তুত হয়।
৫. ফ্ৰীজত ৰখা শাক-পাচলি আদি ৰন্ধাৰ আধাঘন্টাৰ পূৰ্বেই স্বাভাৱিক অৱস্থাত ৰাখিব লাগে। কিয়নো, ঠাণ্ডাভাব আঁতৰাবলৈ গেছ বেছিকৈ খৰচ হয়।
গতিকে, এই কেইটা নিয়ম মানি চলিলে যথেষ্ট পৰিমাণে গেছ ৰাহি হয়।
- Log in to post comments