GU Flood

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ সকলো পৰীক্ষা স্থগিত । ২০ জুনলৈ স্থগিত কৰা হ’ল সকলো পৰীক্ষা।

বুধবাৰে এই ঘোষণা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। প্ৰতিকূল বতৰৰ বাবে গুৱাহাটীৰ বৰ্তমানৰ কৃত্ৰিম বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা স্থগিত কৰাৰ সিদ্ধান্ত লয়।

পৰৱৰ্তী সময়ত পূৰ্ব নিৰ্ধাৰিত সময় মতেই অনুস্থিত হ’ব বাতিল কৰা পৰীক্ষাসমূহ।