Guwahati Rain

সমগ্ৰ অসম ডুবি আছে প্ৰৱল বৃষ্টিপাতত। অসম-মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। 

১৭ জুনলৈকে উত্তৰ-পূৱত হ’ব ধাৰাসাৰ বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে এই তথ্য। 

উল্লেখ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰ ১৩ জুন তাৰিখৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহত ১৭ জুনলৈকে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি সদৰী কৰিছিল।

বিশেষকৈ অসম আৰু মেঘালয়ৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰিছে বিভাগটোৱে। অসম আৰু মেঘালয়ৰ কেইবাখনো ঠাইত ইতিমধ্যে নেৰানেপেৰাকৈ ধাৰাসাৰ বৰষুণ হৈ আছে। যাৰবাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ।