Mothers Day 2022

অপৰিসীম যন্ত্ৰণাকো নেওচি সন্তানক সেউজ পৃথিৱীৰ উমাল পৰশ দিয়াগৰাকীয়েই 'মা'। জীৱনৰ একা-বেঁকা বাটৰ কঠিন সময়কো প্ৰত্যাহ্বান জনাই সন্তানক দুবাহুৰে সাবটি লোৱাগৰাকীয়েই 'মা'। 'মা' সাহসী, 'মা' ত্যাগী, 'মা' মৰমীয়াল, 'মা' প্ৰচুৰ মৰমৰ আকৰ। মাতৃৰ প্ৰেম অতুলনীয়।

 

আজি মাতৃ দিৱস। প্ৰতি বছৰৰ মে' মাহত বিশ্বজুৰি পালন কৰা হয় মাতৃ দিৱস। মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা হয় এই দিৱস।