Uttarakhand CM

উত্তৰাখণ্ডৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ ল'ব পুষ্কৰ সিং ধামী, এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ধামীয়ে, ইয়াৰ উপৰিও তেওঁৰ সৈতে কেবিনেটৰ আন মন্ত্ৰীসকলেও অনুষ্ঠানটোত শপত গ্ৰহণ কৰিব, শপত গ্ৰহণ অনুস্থান ডেৰাডুনৰ পেৰেড গ্ৰাউণ্ডত ২ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ'ব।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মধ্য প্ৰদেশ আৰু হাৰিয়ানাৰ তেওঁৰ সমকক্ষসকলৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপি সভাপতি জে পি নাড্ডাশপতীয়া অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে।