Permission For Boring

মহানগৰীৰ পাঠৰকোৱাৰীত GMCয়ে অভিযান চলাই জৰিমনা বিহে এটা অবৈধ পানীৰ বৰিংত।

GMCৰ অনুজ্ঞাপত্ৰ অবিহনে দীৰ্ঘদিন ধৰি কৰ ফাঁকি দি হাজৰুল হক নামৰ লোকজনে অবৈধ ভাৱে বৰিং কৰি চলাই আহিছিল পানীৰ ব্যৱসায়।

গুৱাহাটী পৌৰনিগমৰ এটা দলে আজি অভিযান চলাই অবৈধ বৰিংটো ধৰা পেলাই জৰিমনা বিহাৰ লগতে বিহীত ব্যৱস্থা গ্ৰহণ কৰে।

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমে চলাইছিল অভিযান। মহানগৰীৰ বিভিন্ন অঞ্চলত থকা অবৈধ পানীৰ বৰিংৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে আগন্তুক দিনত চলাব অভিযান।