ঘোষণা হ'ল অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল

Assam Direct Recruitment Exam results

আজি ঘোষণা কৰা হ’ল ৰাজ্যৰ বহুচৰ্চিত নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল।

১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিছিল এই নিযুক্তি পৰীক্ষা।

সোমবাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা লিখে, "চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অসম ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে" ২০২২ চনৰ ১৮ অক্টোবৰত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। মই আশা কৰোঁ যে এই স্বচ্ছ প্ৰক্ৰিয়াই অসমৰ যুৱপ্ৰজন্মক ৰাজ্যখনৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিব।"

 

উল্লেখযোগ্য, ৪৮টা বিভাগৰ খালী পদৰ বিপৰীতে অনুষ্ঠিত এই পৰীক্ষাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰৰো অধিক পদৰ বাবে পৰীক্ষাত বহিছিল প্ৰায় ১৪ লাখ প্ৰাৰ্থী। 

Category