
অসমৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ। ক্ৰীড়া প্ৰেমীৰ বাবে আশাৰ বতৰা লৈ উত্তৰ গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উত্তৰ গুৱাহাটীত মুকলি দুখনকৈ উন্নত মানদণ্ডৰ ক্ৰীড়া একাডেমী।
আজি উত্তৰ গুৱাহাটীত ক্ৰীড়া একাডেমী দুখন মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুকলি কৰা একাডেমী দুখন ক্ৰমে অসম ক্ৰিকেট সন্থাৰ Cricket Academy আৰু আন খন হৈছে গুৱাহাটী টাউন ক্লাবৰ Football Academy।
জানিব পৰা মতে, উত্তৰ ফুলুং ডেকাবাৰীৰ ৪০ বিঘা ভূমিত নিৰ্মাণ কৰা একাডেমী দুখনত উপলব্ধ হ'ব হোষ্টেল, জিম, পেভেলিয়ন, ইনড'ৰ ষ্টেডিয়াম, খেলপথাৰকে ধৰি সকলো ধৰণৰ সা- সুবিধা।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে একাডেমী দুখন মুকলি কৰি সাংবাদিকৰ আগত কয় যে একাডেমী দুখনৰ জৰিয়তে ৰাজ্যত ক্ৰীড়া ক্ষেত্ৰত আমূল পৰিবৰ্তন আহিব।লগতে ২০২৭ চনত অসমত National games হোৱাৰ সম্ভাৱনা আছে।
- Log in to post comments