Medical College

কেন্দ্রীয় চৰকাৰে দেশত ১১২ খন নতুন মেডিকেল কলেজ স্থাপনত অনুমোদন জনাইছে। নতুনকৈ স্থাপন হ'বলগা মেডিকেল কলেজৰ ভিতৰত উত্তৰ প্ৰদেশত সর্বাধিক ২২ খন আছে। আনহাতে দেশৰ ৰাজধানী মহানগৰ দিল্লীত স্থাপন হ'ব এখন। দিল্লীৰ নজফগড়ত স্থাপন কৰা হ'ব নতুন মেডিকেল কলেজখন। 

অসমৰো তিনিচুকীয়াত ২০২৪-২৫ বর্ষত মেডিকেল কলেজৰ নামভৰ্তিৰ বাবে যাৱতীয় প্রস্তুতি চলোৱা হৈছে। অসমত মুঠ ২৪ খন মেডিকেল গঢ়াৰ লক্ষ্য থকা বুলি চৰকাৰীভাৱে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু লক্ষ্যৰ অংশ হিচাপে তিনিচুকীয়াত ১৩ সংখ্যক মেডিকেল কলেজখনৰ কাম-কাজ পূর্ণোদ্যমে চলাই থকা হৈছে।