দেশবাসীৰ বাবে সুখবৰ! দেশত ১১২ নতুন মেডিকেল কলেজ স্থাপনত কেন্দ্ৰৰ অনুমোদন......

Medical

কেন্দ্রীয় চৰকাৰে দেশত ১১২ খন নতুন মেডিকেল কলেজ স্থাপনত অনুমোদন জনাইছে। নতুনকৈ স্থাপন হ'বলগা মেডিকেল কলেজৰ ভিতৰত উত্তৰ প্ৰদেশত সর্বাধিক ২২ খন আছে। আনহাতে দেশৰ ৰাজধানী মহানগৰ দিল্লীত স্থাপন হ'ব এখন। দিল্লীৰ নজফগড়ত স্থাপন কৰা হ'ব নতুন মেডিকেল কলেজখন। 

অসমৰো তিনিচুকীয়াত ২০২৪-২৫ বর্ষত মেডিকেল কলেজৰ নামভৰ্তিৰ বাবে যাৱতীয় প্রস্তুতি চলোৱা হৈছে। অসমত মুঠ ২৪ খন মেডিকেল গঢ়াৰ লক্ষ্য থকা বুলি চৰকাৰীভাৱে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু লক্ষ্যৰ অংশ হিচাপে তিনিচুকীয়াত ১৩ সংখ্যক মেডিকেল কলেজখনৰ কাম-কাজ পূর্ণোদ্যমে চলাই থকা হৈছে। 

উল্লেখ্য, দেশত নতুনকৈ ১১২ খন মেডিকেল কলেজ স্থাপন সন্দৰ্ভত সাংসদ ভুবনেশ্বৰ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত সংসদীয় কমিটীয়ে অলপতে অনুমোদন জনায়। নেচনেল মেডিকেল কমিছনেও (এন এম চি) শেহতীয়াকৈ ১১২ খন নতুন মেডিকেল কলেজ দেশৰ ভিন্ন প্রান্তত গঢ়ি তোলাত সম্মতি জনাইছে। নতুনকৈ অনুমোদন জনোৱা ১১২ খন মেডিকেল কলেজক সামৰি দেশত মেডিকেল কলেজৰ সংখ্যা ৮০০ ৰো অধিক হ'বগৈ। 

২০১৩-১৪ বৰ্ষৰ পৰা দেশত মেডিকেল কলেজৰ সংখ্যা প্রায় দুগুণলৈ বৃদ্ধি পাইছে। সেই অনুসৰি এম বি চি এছৰ আসনৰ সংখ্যাও ২০১৩-১৪ বর্ষব ৫১,৩৪৮ খনৰ পৰা ২০২৩-২৪ বর্ষলৈ ১,০৮,৯৯০ খনলৈ বৃদ্ধি পায়। শতাংশৰ নিৰিখত এয়া প্রায় ১১০%। সংসদীয় কমিটীয়ে ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজৰ লেব আদি নির্মাণত ৰাজসাহায্য দিয়াতো হয়ভৰ দিছে। মেডিকেল শিক্ষাৰ ব্যয় হ্রাসকৰণৰ উদ্দেশ্যে এই সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছে।

Category
Profile picture for user UB Photos