Sri Lanka

শ্ৰীলংকাৰ প্ৰতিবাদকাৰীসকলে শনিবাৰে ৰাষ্ট্ৰপতি গোটবায়া ৰাজপাক্ষেৰ চৰকাৰী বাসভৱনত প্ৰৱেশ কৰে, তেওঁৰ পদত্যাগ দাবী কৰি বেৰিকেডবোৰ আঁতৰায়। ডেইলী মিৰ'ৰৰ প্ৰতিবেদন অনুসৰি, প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ বাসভৱনত প্ৰৱেশ কৰাত বাধা দিবলৈ আৰক্ষীয়ে শনিবাৰে ৰাতিপুৱা কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। অৱশ্যে, প্ৰতিবাদকাৰীসকলে বেৰিকেড আঁতৰাই ৰাষ্ট্ৰপতিৰ বাসগৃহত প্ৰৱেশ কৰে। গোটবায়া ৰাজপাক্ষে তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা পলাই গৈছে।