Asaduddin Owaisi

সাংসদ আৰু All India Majlis-e-Ittehadul Muslimeen(AIMIM) প্ৰধান আছাদুদ্দিন অ’ৱেইচীলৈ ‘Z’ চিকিউৰিটী। উত্তৰ প্ৰদেশৰ মীৰাটত নিৰ্বাচনী প্ৰচাৰ চলাই দিল্লীলৈ উভতি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা আছাদুদ্দিনৰ কনভয়লৈ গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই।

দুৰ্বৃত্তৰ ভয়াৱহ আক্ৰমণৰ পিছতেই সাংসদগৰাকীক অধিক নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লয় চৰকাৰে। তাৰপিছতে CRPFৰ জৰিয়তে নিৰাপত্তা প্ৰদান কৰা হয় অ’ৱেইছীক।