Narendra Modi Dress

প্ৰতি বছৰে গণতন্ত্ৰ দিৱসত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক বিভিন্ন ৰাজ্যৰ পোছাকত দেখা যায়৷

এই বছৰো এক ব্য়তিক্ৰমী ৰূপত দেখা গল প্ৰধান মন্ত্ৰী মোদীক। এইবাৰ উত্তৰাখণ্ডৰ টুপী আৰু মণিপুৰৰ ষ্টল পিন্ধি নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। 

কিন্তু মন কৰিবলগীয়া কথা যে, বহুতে তেওঁৰ সাজপোছাক যোৰৰ বিপৰীতে ৰাজনীতি সোমাই আছে বুলি কৈছে, কাৰণ অহা মাহৰ পৰা নিৰ্বাচন আৰম্ভ হ'বলগীয়া পাঁচখন ৰাজ্যৰ ভিতৰত আছে উত্তৰাখণ্ড আৰু মণিপুৰ ৷