প্ৰতি বছৰে গণতন্ত্ৰ দিৱসত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক বিভিন্ন ৰাজ্যৰ পোছাকত দেখা যায়৷
এই বছৰো এক ব্য়তিক্ৰমী ৰূপত দেখা গল প্ৰধান মন্ত্ৰী মোদীক। এইবাৰ উত্তৰাখণ্ডৰ টুপী আৰু মণিপুৰৰ ষ্টল পিন্ধি নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।
কিন্তু মন কৰিবলগীয়া কথা যে, বহুতে তেওঁৰ সাজপোছাক যোৰৰ বিপৰীতে ৰাজনীতি সোমাই আছে বুলি কৈছে, কাৰণ অহা মাহৰ পৰা নিৰ্বাচন আৰম্ভ হ'বলগীয়া পাঁচখন ৰাজ্যৰ ভিতৰত আছে উত্তৰাখণ্ড আৰু মণিপুৰ ৷
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে পিন্ধা টুপীটোত উত্তৰাখণ্ডৰ ফুল ব্ৰহ্মকমলৰ প্ৰতিকৃতিও আছে ৷ নৰেন্দ্ৰ মোডীয়ে প্ৰাৰ্থনা কৰিবলৈ কেদাৰনাথ মন্দিৰলৈ যাওঁতে এই ব্ৰহ্মকমল ব্যৱহাৰ কৰে৷
তদুপৰি, প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ ষ্টল লৈ লালকিল্লালৈ আহে ৷ অৱশ্যে পূৰ্বতে প্ৰধানমন্ত্ৰীক ৰাইজৰ মাজত মণিপুৰৰ গামোছা লোৱা দেখা গৈছিল ৷
- Log in to post comments