Death News

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (আইআইটি) এগৰাকী গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যুয়ে ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

সূত্ৰঅনুসৰি, আইআইটি গুৱাহাটীৰ কপিলী হোষ্টেলৰ কোঠাৰ ভিতৰত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হয়। মৃত ছাত্ৰজনক প্ৰশান্ত কুমাৰ আহোজা বুলি চিনাক্ত কৰা হৈছে। 

তদুপৰি, সূত্ৰই জনাইছে যে মৃত ছাত্ৰজনক তেওঁৰ হোষ্টেলৰ কোঠাৰ বাহিৰত দুদিন ধৰি দেখা পোৱা নাছিল। অৱশেষত, নিৰাপত্তাৰক্ষীয়ে সন্দেহত হোষ্টেলৰ কোঠাৰ দুৱাৰ ভাঙে আৰু ছাত্ৰজনক তেওঁৰ বিচনাত মৃত অৱস্থাত পৰি থকা যায়।