Republic Day Parade

৭৩ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰায় সমাপ্ত হৈছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। অসমতো সমাপ্ত হৈছে গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন । পূৰ্বৰ দৰে নহ’লেও এইবাৰো পালন কৰা হ’ব গণৰাজ্য দিৱস। পিছে গণৰাজ্য দিৱসৰ দিনটোত ৰাজ্যৰ কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা?

খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে। ৰাজ্যপালৰ লগতে খানাপাৰাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।