Shiva Bhuyan

পুনৰ এনকাউণ্টাৰত কঁপিছে অসম। এইবাৰৰ এনকাউণ্টাৰৰ স্থান হৈছে বিশ্বনাথ। অসম আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া।

এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ পেটেলিবাৰীৰ সমীপত। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল শিৱা ভূঞাক।

কিন্তু ড্ৰাগছ মাফিয়া শিৱা ভূঞাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীয়াবলৈ উদ্যত হয় আৰক্ষী। গুলীবিদ্ধ ভূঞাক বৰ্তমান উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে তেজপুৰ মেডিকেল কলেজ হাস্পতাল(TMCH)লৈ।