Wild Pig

সমুখ সমৰত অসম আৰক্ষী আৰু বনগাহৰি। বনগাহৰিয়ে টোপনি হৰিছে আৰক্ষীৰ। দেৰগাঁৱত আৰক্ষী আৰু বনগাহৰিৰ মাজত খেদাখেদি।

এইবাৰ আৰক্ষীৰ সন্ত্ৰাসবাদীৰে যুদ্ধ নহয়। এইবাৰ বনগাহৰিৰে যুদ্ধ দেৰগাঁও আৰক্ষীৰ। গাহৰিৰ পিছে-পিছে দৌৰিছে আৰক্ষী। গাহৰিৰ অভিযানত মিনি আৰক্ষীৰ দল। মঙলবাৰে পুৱতি নিশা দেৰগাঁৱৰ মাজমজিয়াত সন্ত্ৰাস চলোৱা বনগাহৰিটো ধৰিবলৈ আৰক্ষীৰ অভিযান। অৱশেষত সফল হ’ল অভিযান। বহু প্ৰচেষ্টাৰ অন্তত বনগাহৰিটো ধৰিবলৈ সক্ষম হয় আৰক্ষী। ঘটনা দেখি প্ৰত্যক্ষদর্শীয়ে ভয় আৰু শংকাৰ মাজতে মাৰিলে শেষ হাঁহি।