Traffic Violation

এই বছৰৰ শেষৰ ফালে অসম আৰক্ষীক অধিক কঠোৰ হোৱা দেখা গৈছে, সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত হোৱা যিকোনো দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ, অসম আৰক্ষীয়ে কেৱল ডিচেম্বৰ মাহত অসমত যান-বাহন উলংঘনকাৰীৰ পৰা সংগ্ৰহ কৰিছে ৪ কোটি টকা।

যান-বাহন আৰক্ষীয়ে নৱেম্বৰ মাহত ২.৫ কোটি টকালৈকে জৰিমনা সংগ্ৰহ কৰিছিল, কিন্তু অকল ডিচেম্বৰত ৪কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী।

যোৱা ১৫-২০ দিনত হেলমেট পৰিধান নকৰাৰ বাবে প্ৰায় ২২,০০০ লোকক জৰিমনা বিহা হৈছে।