Laughter Queen ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ জীৱনলৈ অৱশেষত আহিল এটা ভাল খবৰ। বহু কষ্ট, আশা-প্ৰত্যাশাৰ অন্ত পেলাই সুখৰ হাঁহি বিৰিঙিছে ভাৰতী-হৰ্ষৰ মুখত। মাতৃ হ’বলৈ ওলাইছে সকলোকে হাঁহিৰ খোৰাক যোগাই ভালপোৱা ভাৰতী সিং। শুকুৰবাৰে নিশা, ইনষ্টাগ্ৰামযোগে দম্পতীহালে ঘোষণা কৰে এই কথা।
