প্ৰতি বছৰে ১০ ডিচেম্বৰ তাৰিখে সমগ্ৰ অসমত 'শ্বহীদ দিৱস' পালন কৰা হয়।
১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ঐতিহাসিক অসম আন্দোলনত ৰাজ্যবাসীয়ে কৰা সৰ্বোচ্চ ত্যাগক আজিৰ দিনটোত স্মৰণ কৰা হয়।
বৰপেটা AASU গোটৰ ২২ বছৰীয়া সাধাৰণ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰ ১৯৭৯ চনৰ ১০ ডিচেম্বৰত ভবানীপুৰত অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথমজন ব্যক্তি আছিল। স্বহিদ দিৱসত তেওঁৰ ত্যাগক স্মৰণ কৰা হয়।