Omicron Virus

দেশত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক অ’মিক্ৰণৰ (Omicron) সংক্ৰমণ। আৰম্ভ হৈছে কৰ’ণাৰ নতুন প্ৰবাহ।
ভাৰতত প্ৰায় ১৫০ৰো অধিক লোক এই অ’মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰ, কেৰালা আৰু কৰ্ণাটকত অ’মিক্ৰণত আক্ৰান্ত লোক পোৱা গৈছে ৷

জন সাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ একাংশ চহৰত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ সেই অনুসৰি ৰাজ্য চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা, ৩১ ডিচেম্বৰলৈকে ৮ খন চহৰত অব্যাহত থাকিব নৈশ সান্ধ্য আইন ৷

উল্লেখ্য যে, বৰ্তমানলৈকে দেশত ১৬১ গৰাকী লোক এই নতুন ক’ভিডৰ প্ৰবাহত অ’মিক্ৰণত আক্ৰান্ত হৈছে৷