Mob Attack

অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ক’লা গুণ্ডা ওৰফে নীৰজ দাসক। ক’লা গুণ্ডাক গ্ৰেপ্তাৰৰ পিছত ১৩জনলৈ বৃদ্ধি পালে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা।

ঘটনাৰ পিছৰে পৰা পলাতক হৈ থকা ক’লা গুণ্ডাক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে। অৱশেষত জালত পৰিল ক’লা গুণ্ডা।

উল্লেখযোগ্য সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াতে এজন ছাত্ৰ নেতাক এই ক’লা গুণ্ডাৰ নেতৃত্বত এটা গুণ্ডা বাহিনীৰ দলে অতি নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।