Atika Sultana

গাঁওবুঢ়া নিযুক্তি কেলেংকাৰিঃ আৰু দুজন এচিএছ বিষয়া গ্ৰেপ্তাৰ।

২০১৮ত দক্ষিণ শালমৰা জিলাত গাঁওবুঢ়া নিযুক্তি কেলেংকাৰি।

ধৃত বিষয়াদ্বয় ক্ৰমে বিটিচিৰ অতিৰিক্ত উপায়ুক্তৰ দায়িত্ব থকা এচিএছ বিষয়া বিক্ৰম আদিত্য বৰা আৰু পৰিবহন বিভাগৰ উপ-সচিবৰ দায়িত্ব থকা একে ইলিয়াছ এন আহমেদ।

চাৰি লাখৰ পৰা ১২ লাখ পৰ্যন্ত টকা লৈ ৭০ গাঁওবুঢ়াক বাছনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত ৫/২০২১ নম্বৰত ৰুজু হৈছে গোচৰ। 

ইতিমধ্য এই গোচৰত গ্ৰেপ্তাৰ হৈছে নিলম্বিত এচিএছ বিষয়া ছইবৰ ৰহমান।