অৱশেষত গ্ৰেপ্তাৰ হ'ল বিক্ৰম আদিত্ব আৰু ইলিয়াছ আহমেদ

arrested

গাঁওবুঢ়া নিযুক্তি কেলেংকাৰিঃ আৰু দুজন এচিএছ বিষয়া গ্ৰেপ্তাৰ।

২০১৮ত দক্ষিণ শালমৰা জিলাত গাঁওবুঢ়া নিযুক্তি কেলেংকাৰি।

ধৃত বিষয়াদ্বয় ক্ৰমে বিটিচিৰ অতিৰিক্ত উপায়ুক্তৰ দায়িত্ব থকা এচিএছ বিষয়া বিক্ৰম আদিত্য বৰা আৰু পৰিবহন বিভাগৰ উপ-সচিবৰ দায়িত্ব থকা একে ইলিয়াছ এন আহমেদ।

চাৰি লাখৰ পৰা ১২ লাখ পৰ্যন্ত টকা লৈ ৭০ গাঁওবুঢ়াক বাছনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত ৫/২০২১ নম্বৰত ৰুজু হৈছে গোচৰ। 

ইতিমধ্য এই গোচৰত গ্ৰেপ্তাৰ হৈছে নিলম্বিত এচিএছ বিষয়া ছইবৰ ৰহমান। 

২০১৮ত ধৃত ৰহমান জিলাখনৰ অতিৰিক্ত উপায়ুক্তৰ দায়িত্বত থকা সমান্তৰালভাৱে দক্ষিণ শালমৰাৰ চক্ৰ বিষয়া আছিল ধৃত ইলিয়াছ আৰু মানকাচৰৰ চক্ৰ বিষয়া আছিল বিক্ৰম আদিত্য। 

arrested

সেই সময়ৰ জিলাখনৰ উপায়ুক্ত আতিকা চুলতানাকো সময়ে সময়ে জেৰা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। স্বাস্থ্যজনিত কাৰণত বৰ্তমান তেখেত চিকিৎসকৰ নিৰীক্ষণত আছে। স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হ'লে পুনৰ জেৰাৰ সন্মুখীন হ'ব আতিকা চুলতানা।

গ্ৰেপ্তাৰৰ পিছতে বিশেষ ন্যায়াধীশৰ আদালতলৈ নিয়া হ'ল বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদক।

৫ দিনৰ জিম্মাত বিচাৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ দুই বিষয়াক।বৰ্তমানো ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে CM ভিজিলেন্সে।

 

Category
Profile picture for user UB Photos