Sandeep Bhuyan

চাৰি দিন ধৰি গুৱাহাটীৰ পৰা সন্ধানহীন হৈ থকা মাজুলীৰ এজন যুৱকৰ মৃতদেহ বুধবাৰে মেঘালয়ত উদ্ধাৰ কৰা হৈছে।

কৰ্মসূত্ৰে গুৱাহাটীৰ স্বৰাজ নগৰত বাস কৰি আছিল মাজুলীৰ নিৱাসী সন্দীপ ভূঞা।

খবৰ অনুসৰি, সন্দীপ ২০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল। ২০ নৱেম্বৰত অন্তিমবাৰৰ বাবে যুৱকজনক গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুত প্ৰত্যক্ষ কৰা হৈছিল তদুপৰি, তেতিয়াৰ পৰা তেওঁৰ ম'বাইল ফোনটোও বন্ধ হৈ আছে।