৪ দিন ধৰি সন্ধানহীন হোৱা মাজুলীৰ যুৱক সন্দীপ ভূঞাৰ মৃতদেহ মেঘালয়ত উদ্ধাৰ

Deadbody Found

চাৰি দিন ধৰি গুৱাহাটীৰ পৰা সন্ধানহীন হৈ থকা মাজুলীৰ এজন যুৱকৰ মৃতদেহ বুধবাৰে মেঘালয়ত উদ্ধাৰ কৰা হৈছে।

কৰ্মসূত্ৰে গুৱাহাটীৰ স্বৰাজ নগৰত বাস কৰি আছিল মাজুলীৰ নিৱাসী সন্দীপ ভূঞা।

খবৰ অনুসৰি, সন্দীপ ২০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল। ২০ নৱেম্বৰত অন্তিমবাৰৰ বাবে যুৱকজনক গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুত প্ৰত্যক্ষ কৰা হৈছিল তদুপৰি, তেতিয়াৰ পৰা তেওঁৰ ম'বাইল ফোনটোও বন্ধ হৈ আছে।

Deadbody

সন্দীপৰ ৰুমমেট ৰোহিত বৰুৱাৰ মতে, সন্দীপ যোৱা কেইদিনমান ৰ পৰা যথেষ্ট কামৰ বোজাৰ বাবে চিন্তিত আছিল আৰু একেৰাহে ফোনত আছিল। সঘনাই অহা ফোনত তেওঁ অতিমাত্ৰা কামৰ হেচাঁৰ বিষয়ে কৈ আছিল।

উল্লেখ্য় যে, মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ত চলি আছে। ইফালে, সন্দীপৰ পৰিয়ালেও বিষয়টো সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। 

Category
Profile picture for user UB Photos