Gir Cow

আজি গুজৰাটৰ পৰা অসম পালেহি ১০৮টাকৈ গিৰ গাই।
অসম চৰকাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে আনিব লগা ২০০০টা গিৰ গাইগৰুৰ ১০৮টা আজি অসম পালেহি। গুজৰাটৰ পৰা পোনে পোনে ৰঙিয়া ষ্টেচন পোৱাৰ পিছত গৰুখুঁটিলৈ লৈ যোৱা হয় গৰুকেইটা।
গৰুখুঁটি কৃষি প্ৰকল্পৰ নেতৃত্বত থকা বিধায়ক পদ্ম হাজৰিকাই উল্লেখ কৰে যে, প্ৰথম পৰ্যায়ত ৫০০টা গিৰ গাই অসমলৈ অনা হ'ব। ইয়াৰ পিছত চুক্তি কৰা অনুযায়ী বাকী গৰুসমূহ অনা হ'ব।

এদিনত ১০লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে অসম চৰকাৰে। গৰুখুঁটিৰ পৰাই ৩লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যও ইয়াৰ লগতে কৰা হৈছে।