এদিনত ১০লাখ লিটাৰ গাখীৰ উৎপাদন হ'ব গৰুখুঁটিত! অসম পালেহি গিৰ গাই..

এদিনত ১০লাখ লিটাৰ গাখীৰ উৎপাদন হ'ব গৰুখুঁটিত! অসম পালেহি গিৰ গাই..

আজি গুজৰাটৰ পৰা অসম পালেহি ১০৮টাকৈ গিৰ গাই।
অসম চৰকাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে আনিব লগা ২০০০টা গিৰ গাইগৰুৰ ১০৮টা আজি অসম পালেহি। গুজৰাটৰ পৰা পোনে পোনে ৰঙিয়া ষ্টেচন পোৱাৰ পিছত গৰুখুঁটিলৈ লৈ যোৱা হয় গৰুকেইটা।
গৰুখুঁটি কৃষি প্ৰকল্পৰ নেতৃত্বত থকা বিধায়ক পদ্ম হাজৰিকাই উল্লেখ কৰে যে, প্ৰথম পৰ্যায়ত ৫০০টা গিৰ গাই অসমলৈ অনা হ'ব। ইয়াৰ পিছত চুক্তি কৰা অনুযায়ী বাকী গৰুসমূহ অনা হ'ব।

এদিনত ১০লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে অসম চৰকাৰে। গৰুখুঁটিৰ পৰাই ৩লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যও ইয়াৰ লগতে কৰা হৈছে।

গিৰ গাইসমূহৰ তদাৰকৰ বাবে গুজৰাটৰ পৰা ৬গৰাকী বিশেষজ্ঞৰ লগতে মুঠ ১৬গৰাকী কৰ্মীকো গৰুখুঁটিলৈ অনা হৈছে বুলিও পদ্ম হাজৰিকাই জানিবলৈ দিয়ে। এই লোকসকলৰ তত্ত্বাৱধানত এনে গৰুৰ প্ৰতিপালনৰ দিশসমূহ অসমৰ লোকক শিকোৱা হ'ব। উল্লেখ্য, গৰুখুঁটি কৃষি প্ৰকল্পক লৈ পদ্ম হাজৰিকাই কৈছিল যে গৰুখুঁটি প্ৰকল্পতে মাছ, মাংস, কণী, হাঁহ, কুকুৰা,পাৰ, গাহৰি সকলো উপলব্ধ হ’ব।

Category
Profile picture for user UB Photos