Raakh Leela

শত বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ বিৰচিত কেলিগোপাল নাটকৰ আধাৰত প্ৰতি বছৰেই পালন কৰি অহা হৈছে শাৰদীয় ৰাস মহোৎসৱ। মাজুলীবাসীৰ বাবে আবেগৰ আন এক নাম ৰাস।  ৰাসলৈ এতিয়া মাথো ১০ টা দিন বাকী। দিন ৰাতি একাকৰ কৰি মাজুলীবাসী ব্যস্ত ৰাসৰ আখৰাত।

ৰাসক্ৰিয়াৰ এক অবিচ্ছেদ্য অংশ শিশুলীলা। কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ ক’ভিড নীতিক লৈ মাজুলীত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়া। নতুন ক’ভিড নীতিয়ে বিপাঙত পেলাইছে মাজুলীৰ সত্ৰানুষ্ঠান। শিশুলীলা অবিহনে ৰাস অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি উল্লেখ কৰি  ৰাস পৰিচালনা সমিতিসমূহে চৰকাৰক ক’ভিড নীতি কিছু শিথিল কৰিবলৈ আহ্বান জনাইছে।