Reappoints

বৃদ্ধি কৰা হ’ল ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসৰ কার্যকালৰ সময়সীমা।

ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসৰ কার্যকালৰ সময়সীমা আৰু তিনি বছৰ বৃদ্ধি কৰিছে কেন্দ্রীয় চৰকাৰে৷ শক্তিকান্ত দাসৰ প্রথম পর্যায়ৰ কার্যকালৰ ম্যাদ আছিল আগন্তুক ডিচেম্বৰ পর্যন্ত৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ নতুন সিদ্ধান্ত অনুসৰি আগন্তুক ডিচেম্বৰৰ পৰা তিনি বছৰলৈ বৃদ্ধি কৰা হৈছে গৱর্নৰ শক্তিকান্ত দাসৰ পদৰ কার্যকাল৷