Karnataka

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছিল কৰ্ণাটকৰ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে। দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল অংকিতাই ৷ এই অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ গুৱাহাটীৰ পৰা দুটাকৈ আৰক্ষীৰ দল ৰাওনা হয় কৰ্ণাটক আৰু দিল্লীলৈ।

ADCP মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত কৰ্ণাটকলৈ ৰাওনা হয় আৰক্ষীৰ দল ৷ শ্ৰীনিৱাসৰ ঘৰত উপস্থিত হৈ অসম আৰক্ষীয়ে আঁৰে জাননী। জাননীত ২ মে'ত পুৱা ১১ বজাত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে শ্ৰানিৱাসক। সময় অনুসৰি হাজিৰ নহ'লে শ্ৰীনিৱাসক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।