কৰ্ণাটকত উপস্থিত হৈ শ্ৰীনিবাসৰ বাসগৃহত অসম আৰক্ষীয়ে আঁৰিলে জাননী

Assam Police

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছিল কৰ্ণাটকৰ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে। দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল অংকিতাই ৷ এই অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ গুৱাহাটীৰ পৰা দুটাকৈ আৰক্ষীৰ দল ৰাওনা হয় কৰ্ণাটক আৰু দিল্লীলৈ।

ADCP মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত কৰ্ণাটকলৈ ৰাওনা হয় আৰক্ষীৰ দল ৷ শ্ৰীনিৱাসৰ ঘৰত উপস্থিত হৈ অসম আৰক্ষীয়ে আঁৰে জাননী। জাননীত ২ মে'ত পুৱা ১১ বজাত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে শ্ৰানিৱাসক। সময় অনুসৰি হাজিৰ নহ'লে শ্ৰীনিৱাসক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।


উল্লেখ্য যে কৰ্ণাটকত বিধানসভা নিৰ্বাচন সমাগত।নিৰ্বাচনৰ পূৰ্বেই দলৰ আভ্যন্তৰীণ কন্দলে দুয়ো ৰাজ্যৰ কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰিছে।

Category
Profile picture for user UB Photos