Medical Students

মহাৰাষ্ট্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৭জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ। সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ ৱাৰ্ধাৰ চেলচুৰাত সংঘটিত হয় এই দুৰ্ঘটনা। দলঙৰ ওপৰৰ পৰা বাগৰি খাৱৈত পৰিল এখন জাইল’ বাহন। নিহত ছাত্ৰকেইজনৰ ভিতৰত আছে বিজেপি বিধায়ক বিজয় ৰহাংদালেৰ পুত্ৰ।

মৃত্যুমুখত পৰা ৭জন ছাত্ৰ আছিল Sawangi Medical collegeৰ ছাত্ৰ। গভীৰ নিশা ভ্ৰমণৰ বাবে ওলাই গৈছিল আটাইকেইজন। বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙৰ ৰেলিঙত খুন্দা মাৰি ৪০ ফুট তলৰ খাৱৈত পৰেগৈ বাহনখন। দেওবাৰে পুৱা ১.৩০ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা।