পাকিস্তানৰ টি-২০ বিজয় উদযাপনৰ বাবে চিকিৎসা বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু

Kashmir Medical Student

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ হৃদয়বিদাৰক পৰাজয়ৰ পিছত ভাৰত-পাকিস্তান টি-২০ বিশ্বকাপৰ খেলখনে বিভিন্ন বিবাদ কঢ়িয়াই আনিছে।

সামাজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ', য'ত কাশ্মীৰৰ চিকিৎসা বিদ্যাৰ্থীসকলে ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত বিজয় উদযাপন কৰা বুলি আলোকপাত কৰা হৈছে।

জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে শ্ৰীনগৰৰ দুখন চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে।

অভিযোগ অনুসৰি খেলখনৰ পাছতে ভাৰতৰ ওপৰত পাকিস্তানৰ বিশ্বকাপ টি-২০ বিজয়ত পাকিস্তান পন্থী শ্ল'গান দিয়া। 

আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত দুটা এজাহাৰ দাখিল কৰিছে। গোচৰটো শ্বেৰ ই কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান শ্ৰীনগৰ (এছ.কে.আই.এম.এছ.) চিকিৎসা মহাবিদ্যালয় আৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয় শ্ৰীনগৰৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, "দেওবাৰে টি-২০ বিশ্বকাপৰ খেলখনত জয়লাভ কৰাৰ পিছত এই দুখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে শ্ল'গান দিছিল।" 

লগে লগে শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়  আৰু শ্বেৰ ই কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। লগতে, কিছুমান শিক্ষাৰ্থীয়ে ভাৰতৰ বিৰুদ্ধে আৰু পাকিস্তানৰ প্ৰশংসাত অসালীন উচ্চাৰণ কৰা দেখা গৈছিল। 

সৌৰা আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি (এফআইআৰ নং 104/2021-ৰ অধীনত), "পাকিস্তানে এদিনীয়া ক্ৰিকেট মেচত জয়ী হোৱাৰ পিছত ২৪ আৰু ২৫ অক্টোবৰ ২০২১ৰ মাজনিশা, এছকেআইএমএছ সৌৰাৰ হোষ্টেলত বাস কৰা এমবিবিএছ আৰু অন্যান্য চিকিৎসা ডিগ্ৰী ধাৰণ কৰা শিক্ষাৰ্থীসকলে শ্ল'গান দিছিল আৰু আতচবাজী বিস্ফোৰণ কৰিছিল"।

গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰলৈ তিনিদিনীয়া ভ্ৰমণলৈ যোৱাৰ সময়তো এই অস্থিৰতা সৃষ্টি হোৱা দেখা গৈছিল।

কিন্তু, পূৰ্বৰ ৰাজ্যৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত তেওঁৰ এয়া প্ৰথম ভ্ৰমণ আছিল।

Category
Profile picture for user UB Photos