Pumkin

ৰঙালাও খাই আপুনি ভাল পায়নে? আপুনি কিমান ডাঙৰ ৰঙালাও খাই পাইছে অথবা দেখিছে? হয়তো ৩ বা ৪ কেজি ওজনৰ ৰঙালাও আপুনি দেখিছে। কিন্তু আপুনি শুনি আচৰিত হ’ব যে, প্ৰায় ১০ কুইন্টল ওজনৰ প্ৰকাণ্ড ৰঙালাও উৎপাদন কৰি বিশ্ব ৰেৰ্কড গঢ়িবলৈ সক্ষম হৈছে কেইজনমান খেতিয়কে।

আমেৰিকাৰ দুই খেতিয়কে সৰ্ববৃহৎ ৰঙালাও উৎপাদন কৰি ৰচিলে অভিলেখ । খেতিয়ক দুজন হ’ল তাড আৰু দৌনা স্কিনৰ। দুয়োজনৰ সমূহীয়া প্ৰচেষ্টাত তেওঁলোকৰ খেতিপথাৰত লাগিল এটা ১০ কুইন্টল ওজনৰ ৰঙালাও ।

এই ৰঙালাওটোৱে Worlds Biggest Pumpkin হিচাপে খ্যাতি লাভ কৰিছে। বিগত ৩০ বছৰ ধৰি দুয়োজন খেতিয়কে কৰি আহিছে ৰঙালাওৰ খেতি।