Aryan Khan

ড্ৰাগছ বিতৰ্কৰ পিছত বলীউডত আত্মপ্ৰকাশৰ বাবে লাহে লাহে সাজু হৈছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান।

বলীউডত অতি শীঘ্ৰেই এজন চিত্ৰনাট্যকাৰ ৰূপত দেখা যাব আৰিয়ানক। শেহতীয়া খবৰ মতে এজন লিখকৰ ৰূপত বলীউডত কেৰিয়াৰ আৰম্ভ কৰিব আৰিয়ানে।

Pinkvillaই প্ৰকাশ কৰা বাতৰি মতে আৰিয়ান খানে কেইবাটাও আইডিয়াক লৈ বলীউডত খোজ দিবলৈ আগবাঢ়িছে।

বাতৰি মতে ইয়াৰে দুটা আইডিয়া গ্ৰহণ কৰাও হৈছে। চিনেমা আৰু ৱেব ছিৰিজৰ ধাৰণাত এই আইডিয়াসমূহ সাজু কৰিছিল আৰিয়ান খানে।